জোনাই 9 নৱেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা...
জোনাই 9 নৱেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংবাদিক, সু-লেখক, কবি ভূপেন চন্দ্ৰ পেগুৰ (52) আজি পুৱা প্ৰায় দহ বজাত জোনাই সদৰৰ মিগৰ দলুঙৰ নিজা বাসগৃহত অকালতে পৰলোক প্ৰাপ্তি ঘটে।
সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগৰ খবৰে জোনাই অঞ্চলত শোকৰ ছাঁ পেলায়। উল্লেখযোগ্য ভূপেন চন্দ্ৰ পেগুৱে মুৰ্কংচেলেক মহাবিদ্যালয়ত শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছতে জোনাই বালিকা মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্ত লাভ কৰি মৃত্যুৰ আগমুহূৰ্তলৈ সেৱা আগবঢ়াই আহিছিল।
ইপিনে সাংবাদিক ভূপেন চন্দ্ৰ পেগু 1999 চনত প্ৰতিষ্ঠা কৰা জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্যৰ লগতে ক্লাৱৰ প্ৰাক্তন সভাপতি আছিল। সাংবাদিক ভূপেন চন্দ্ৰ পেগুৱে দৈনিক অগ্ৰদূত কাকতত দীৰ্ঘ বছৰ ধৰি নিৰ্ভীকতাৰে সংবাদ সেৱা আগবঢ়াইছিল। পেগুৰ অকাল বিয়োগৰ খবৰ পাই বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়।
ইপিনে জোনাই বালিকা মহাবিদ্যালয়ৰ চৌহদলৈ সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ নশ্বৰ দেহ নি সতীৰ্থ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনায়। তদুপৰি জোনাই বালিকা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰি দিনটো পতাকা অৰ্ধনমি কৈ উত্তাল কৰে ৰাখে।
ইপিনে ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত জোনাইৰ সাংবাদিক মহলো শোকত মৰ্মাহত হৈ পৰে। ভূপেন চন্দ্ৰ পেগুৰ নশ্বৰ দেহ জোনাই প্ৰেছ ক্লাৱলৈ আনি প্ৰেছ ক্লাৱৰ পতাকা নশ্বৰ দেহত দি শেষ শ্ৰদ্ধাঞ্জলি জনায়। জোনাই প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন সভাপতি, সু-লেখক, কবি ভূপেন চন্দ্ৰ পেগুৰ বিয়োগত জোনাই প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। তদুপৰি শোকসন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে।
জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভূপেন চন্দ্ৰ পেগুৰ জোনাইৰ সমাজ জীৱন, সংবাদ-সাহিত্য জগতৰ লগতে শৈক্ষিক দিশলৈ অনবদ্য অৱদান আগবঢ়াক উল্লেখ কৰি তেখেতৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজিক সদায় সমাজে মনত ৰাখিব বুলি মন্তব্য কৰে। আছুৰ ছহিদ বেদীৰ সন্মুখলৈ নি ভূপেন চন্দ্ৰ পেগুৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
ইয়াৰ পিছত ৰতনপুৰ গাঁৱৰ পিতৃগৃহলৈ নি সহকাৰী অধ্যাপক তথা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ভূপেন চন্দ্ৰ পেগুৰ নশ্বৰ দেহ সম্পূৰ্ণ পৰম্পৰামতে সমাধিস্থ কৰা হয়। সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ শেষ যাত্ৰাত জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, শিক্ষক-শিক্ষয়িত্ৰী, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলে, জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু, সম্পাদক মনোজ প্ৰজিপতি, সাংবাদিক গৌতম পেগু, ফ্ৰেন্সালিয়ান হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধ ৰাইজে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে মৃত্যুৰ সময়ত পেগুৱে পত্নীৰ লগতে দুজনী কন্যা সন্তান আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
ইপিনে মুৰ্কংচেলেক মহাবিদ্যালয়টো সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ বিয়োগত শোক প্ৰকাশ কৰি শোক সভা অনুষ্ঠিত কৰে। জোনাই মহকুমা এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি তথা জোনাই বালিকা মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ জোনাই মহকুমা সমিতিৰ সাধাৰণ সম্পাদক উপেন পেগু, উপ-সভাপতি দেৱজিৎ
পেগু, হিতেশ কুলি, কোষাধ্যক্ষ প্ৰতুল পেগু, প্ৰচাৰ সম্পাদক ৰমেন দলে, সহকাৰী সম্পাদক কৃষ্ণ সোণোৱাল ধেমাজি জিলা সমিতি আৰু কেন্দ্ৰীয় কমিটিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। অগ্ৰণী পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী ছেভ পবা ৰেইন ফৰেষ্টেও ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা জোনাই প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ভূপেন চন্দ্ৰ পেগুৰ অকাল বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিছে।
COMMENTS