তোষেশ্বৰ আগৰৱালাক ‘প্ৰকৃতি বন্ধু’ ৰয়েল পেগুক ‘কিতাপৰ বন্ধু’ হিচাপে সম্বৰ্ধনা জোনাই ১৮ নৱেম্বৰ : অসমৰ সংগ...
জোনাই ১৮ নৱেম্বৰ : অসমৰ সংগীত জগতৰ মুকুটবহীন সম্ৰাট, অমৰশিল্পী সত্তা জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উপলক্ষে আজি অসম গণ পৰিষদৰ জোনাই বিধানসভা সমষ্টি কমিটীৰ উদ্যোগত নিজা কাৰ্যালয়ত ‘জাতীয় স্বাভিমান দিৱস’ হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে প্ৰথমতে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পনেৰে শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পিচত অসম গণ পৰিষদৰ জোনাই বিধানসভা সমষ্টি কমিটীৰ সভাপতি কৃষ্ণ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বিতুপন সেনোৱালে। সভাত অগপৰ কেন্দ্ৰীয় সদস্য প্ৰকাশময় অগৰৱালা, ধেমাজি জিলা অসম গণ পৰিষদৰ সভাপতি লক্ষীধৰ শেনচোৱা, সাধাৰণ সম্পাদক প্ৰফুল্ল দেউৰী, জোনাই অগপৰ মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী অনুলতা টায়ে, জোনাই জিলা অগপৰ প্ৰাক্তন সভাপতি বিপুল বৰা, হৰেন সোনোৱাল, দ্বীপেন দেউৰী আদিৰ লগতে অগপৰ বহু বিষয়ববীয়া আৰু ৰাইজে উপস্থিত থাকে। সভাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোক অসম গণ পৰিষদৰ জোনাই বিধানসভা সমষ্টি কমিটীয়ে ‘ জাতীয় স্বাভিমান দিৱস’ হিচাপে পালনৰ লগত সংগতি ৰাখি ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক-লেখক ৰয়েল পেগুক ‘কিতাপৰ বন্ধু’ আৰু তোষেশ্বৰ আগৰৱালাক ‘প্ৰকৃতি বন্ধু’ হিচাপে প্ৰশস্তি পত্ৰ আৰু চেলেং চাদৰেৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত লেখক-সাংবাদিক ৰয়েল পেগুৱে ‘কিতাপৰ বন্ধু’ হিচাপে সম্বৰ্ধনা জনোৱাৰ বাবে অসম গণ পৰিষদৰ জোনাই বিধানসভা সমষ্টি কমিটীৰ সকলো বিষয়ববীয়ালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে ‘কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে’ বুলি জুবিন গাৰ্গে সঠিক কথা কোৱা বুলি উল্লেখ কৰি ‘মানৱ সভ্যতাৰ বিকাশত গ্ৰন্থৰ গুৰুত্ব আৰু নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ আন্দোলন প্ৰসাৰত প্ৰতিজন সচেতন মানুহৰ দায়ত্ব আছে বুলি মন্তব্য কৰে। তদুপৰি সভাত জুবিন গাৰ্গে জোনাইক জিলা হিচাপে গঠন আৰু বৰ্ষাৰণ্য পবাক অভয়াৰণ্য ঘোষণাৰ আহ্বানক কাৰ্যকৰী কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। সভাত ধেমাজি জিলা অসম গণ পৰিষদৰ সভাপতি লক্ষীধৰ শেনচোৱাই নিজৰ ভাষণত প্ৰতি বছৰে জুবিনৰ ওপজা দিনটোক অগপই ‘জাতীয় স্বাভিমান দিৱস’ হিচাপে পালন কৰিব বুলি সদৰী কৰে। সভাত জোনাই অগপৰ মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী অনুলতাটায়ে আৰু জোনাই জিলা অগপৰ প্ৰাক্তন সভাপতি বিপুল বৰাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুঁৱৰি বক্তব্য প্ৰদান কৰে।
COMMENTS