জোনাই ,২৬ মে'ঃ ২০২৫ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত নাহৰণি গাঁৱৰ পৰা সুখ্যাতিৰে ...
জোনাই ,২৬ মে'ঃ ২০২৫ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত নাহৰণি গাঁৱৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্র-ছাত্ৰী সকলক আজি সম্বৰ্ধনা জনোৱা হয়। ডেকাপাম নাহৰণি গাঁৱৰ ৰাজহুৱা মঞ্চত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে নাহৰণি গাওঁ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ সোনোৱালে। নাহৰণি গাওঁ পৰিচালনা সমিতিৰ সম্পাদক হৰেশ্বৰ সোনোৱালে আঁতধৰা অনুষ্ঠানত ২০২৫ শিক্ষাবৰ্ষত নাহৰণি গাঁৱৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫ গৰাকী কৃতি শিক্ষাৰ্থীক গামোচা, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানত উপস্থিত থাকি উদীয়মান যুৱক পুণিৰাম সোনোৱালে কয় শিক্ষাই মানুহৰ মেৰুদণ্ড।শিক্ষা অবিহনে মানুহে জীৱনটো সঠিক লক্ষ্যত উপনীত কৰোৱাব নোৱাৰে বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ জৰিয়তে নিজকে যোগ্যতা আৰু কৰ্মদক্ষতাৰে আগবাঢ়ি যাব লাগিব লগতে এগৰাকী সুস্বাস্থ্য আৰু সুচৰিত্ৰৱান হিচাপে গঢ় দিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন দাঙি ধৰে। সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি ডেকাপাম গাওঁ পঞ্চায়তৰ ৩ নং নাহৰণি ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য ইন্দ্ৰজিৎ সোনোৱালে কয় অধ্যয়নপুষ্ঠ আৰু শৃংখলাৱদ্ধ জীৱন গঢ়াৰ সপোন লৈ ছাত্র-ছাত্ৰী সকলে আগবাঢ়ি যোৱা উচিত বুলি কৈ অধ্যৱসায়ৰ দ্বাৰা সফলতা অৰ্জন কৰিব পাৰি আৰু মূল্যৱান সময় নষ্ট নকৰি কেৱল অধ্যয়নত মনোনিবেশ কৰিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়।
COMMENTS