জোনাই , 16 আগষ্ট :------ আজি ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাঙ্গনত ২০০৪ চনত বোমা বিস্ফোৰণত শ্বহীদ হোৱা ১৩ গ...
জোনাই , 16 আগষ্ট :------
আজি ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত ধেমাজি মহাবিদ্যালয়ৰ প্ৰাঙ্গনত ২০০৪ চনত বোমা বিস্ফোৰণত শ্বহীদ হোৱা ১৩ গৰাকী লোকৰ স্মৃতিত শোক দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,জিলা আয়ুক্ত অংকুৰ ভৰালী,জিলা উন্নয়ন আয়ুক্ত বিশ্বজিত ফুকন জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰা।
উক্ত অনুষ্ঠানত প্ৰথমে শ্বহীদ সকলৰ মূৰ্তিত প্ৰদান বৰুৱাকে ধৰি সকলোৱে পূষ্পাঞ্জলি অৰ্পণ কৰে তাৰ পিছত বৰগীতেৰে অনুষ্ঠানটিৰ শুভৰাম্ভ হয়।ইয়াত ইছলাম ধৰ্মাৱলম্বী লোক আৰু খৃষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে শ্বহীদ সকলৰ হৈ অনুষ্ঠান পৰিবেশন কৰে।লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই শ্বহীদসকলক উদ্দেশ্যে বক্তব্য ৰাখে।সদৌ শেষত এক সমূহীয়া প্ৰতিজ্ঞাৰে সভা ভংগ ঘোষনা কৰা হয়।
COMMENTS