--> বিজেপিৰ দিনত সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন লাভ কৰা ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল | Khobor NetWork

Search This Blog

Translate :- हिंदी में पढ़िए / অসমীয়াত পঢ়ক

বিজেপিৰ দিনত সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন লাভ কৰা ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কীয় "বদলাও জো হাম লেকৰ আয়ে" শীৰ্ষক তথ্যভিত...



  • ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কীয় "বদলাও জো হাম লেকৰ আয়ে" শীৰ্ষক তথ্যভিত্তিক পুস্তিকা মুকলি


  • বিজেপি থাকিলেহে দেশবাসী সুৰক্ষিত হৈ থাকিব আৰু উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা দুৰন্ত গতিৰে আগুৱাই যাব: সোণোৱাল


  • কংগ্ৰেছ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব, আদৰ-স্নেহ, মান্যতা একোৱেই দিয়া নাছিল: সোণোৱাল


নতুন দিল্লী, ৭ ফেব্ৰুৱাৰী ২০২৩: আজি ভাৰতীয় জনতা পাৰ্টিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কীয় "বদলাও জো হাম লেকৰ আয়ে" শীৰ্ষক এখন তথ্যভিত্তিক পুস্তিকা মুকলি কৰা হয় আৰু এই উপলক্ষে এখন সংবাদ মেল অনুষ্ঠিত হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু পুস্তিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বিগত পাঁচ বছৰত ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ত্ৰিপুৰাত ৰূপায়ণ হোৱা সৰ্বাংগীণ বিকাশৰ বিভিন্ন দিশ এই ৰিপ'ৰ্টত তথ্য আকাৰে প্ৰকাশ কৰা হৈছে।

আজি সংবাদ মেলখনত সোণোৱালে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বিশেষ গুৰুত্ব লাভ কৰাৰ উপৰি দেশৰ লগতে বিশ্বৰ বুকুতো নতুন পৰিচয় পাবলৈ সক্ষম হৈছে। পূৰ্বৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক গুৰুত্ব, আদৰ-স্নেহ, মান্যতা একোৱেই দিয়া নাছিল। কিন্তু মোদী ডাঙৰীয়াই সমগ্ৰ অঞ্চলটোক অষ্টলক্ষ্মী আখ্যা দি উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰাৰ ফলশ্ৰুতিতেই এতিয়া ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূবত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নীত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ নাগৰিকসকলৰ মনোবল, শক্তি বৃদ্ধি হৈছে, লগতে উপাৰ্জনো বৃদ্ধি হৈছে। কংগ্ৰেছে নেচনেল এজেণ্ডাত উত্তৰ-পূৰ্বাঞ্চলক একেবাৰে গুৰুত্ব দিয়া নাছিল। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটো দেশৰ আন বহু অঞ্চলৰ তুলনাত বহু পিছপৰি ৰৈছিল। কংগ্ৰেছে লুক ইষ্ট প'লিচী লৈছিল যদিও একেবাৰেই বাস্তৱায়িত নকৰিলে, তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কোনোধৰণৰ সবল নীতি নল'লে। কিন্তু মোদী ডাঙৰীয়াই শাসনভাৰ লৈয়েই এক্ট ইষ্ট প'লিচী লোৱাৰ উপৰি ইয়াৰ ৰূপায়ণৰ দিশবোৰ নিজে তদাৰক কৰিছে। তেখেতে অন্তৰৰপৰা বিশ্বাস কৰে যে- যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তেহে একোটা অঞ্চলৰ ৰূপান্তৰ সম্ভৱ। সেয়েহে তেখেতৰ এই দৃষ্টিভংগীৰ আঁত ধৰিয়েই ভাৰতীয় জনতা পাৰ্টিৰ দিনত ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবত ৰে'লৱে, পথ ব্যৱস্থা, বিমান পৰিবহণ, জলপথ, তথ্য-প্ৰযুক্তি নেটৱ'ৰ্ক যথেষ্ট উন্নত হৈছে। বিজেপি চৰকাৰৰ দিনতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেটত অধিক ধন আবণ্টিত হৈছে। ইয়াৰদ্বাৰা ত্ৰিপুৰায়ো যথেষ্ট লাভান্বিত হৈছে। ত্ৰিপুৰাৰ থলুৱা উৎপাদিত সামগ্ৰী এতিয়া দেশ-বিদেশৰ বজাৰলৈ গৈছে। সমগ্ৰ অঞ্চলটোৰ নাগৰিকসকলৰ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক শক্তি বৃদ্ধি হৈছে। চি পি এম আৰু কংগ্ৰেছে ত্ৰিপুৰাত প্ৰায় ৫০ বছৰ ৰাজত্ব কৰিছিল, কিন্তু সমগ্ৰ অঞ্চলটোৰ উন্নতি পিছুৱাই ৰাখি দুৰ্নীতি, ড্ৰাগছ্, উগ্ৰপন্থা আদিতে অঞ্চলটোক আবদ্ধ কৰি ৰাখিছিল। ত্ৰিপুৰাবাসীয়ে তেতিয়া বহু জীয়াতু ভুগিলে। কিন্তু মোদী ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু বলিষ্ঠ নীতিৰ ফলত এতিয়া ত্ৰিপুৰাৰ লগতে উত্তৰ-পূবে মূলসুঁতিৰ সৈতে সংযোজিত হৈছে বুলি অনুভৱ কৰিব ধৰিছে। আগতে দিল্লী উত্তৰ-পূবৰপৰা বহু দূৰ বুলি অনুভৱ হৈছিল। এতিয়া এই মনোভাব সলনি হৈছে আৰু মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনমৰ্মে দিল্লী নিজেই উত্তৰ-পূবৰ ওচৰলৈ আহিছে। সেয়েহে আমি নিশ্চিত, এইবাৰো বিজেপিয়েই ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব। তাত কোনো দ্বিধাবোধ নাই।"


সোণোৱালে লগতে কয়, "ময়ো উত্তৰ-পূৰ্বাঞ্চলৰ। মই নিজে বাস্তৱ দেখিছিলোঁ যোৱা ৩০-৪০ বছৰত। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কংগ্ৰেছৰ কোনো ইতিবাচক দৃষ্টিভংগীয়েই নাছিল। তেওঁলোকৰ নীতি, মনোবৃত্তি একো নাছিল। কিন্তু এতিয়া আমাৰ লগত শক্তিশালী নীতি, মনোবৃত্তি, শক্তিশালী নেতা সকলো আছে। এতিয়া ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হৈ উঠিছে আৰু মোদীজী বিশ্বনেতা হিচাপে পৰিগণিত হ'ব ধৰিছে। যিকোনো গুৰুত্বপূৰ্ণ বিষয়তে এতিয়া বিশ্বৰ সকলো দেশে ভাৰতৰ সবল দৃষ্টিভংগীলৈ বাট চাই থাকে। বিজেপি থাকিলেহে দেশবাসী সুৰক্ষিত হৈ থাকিব আৰু উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা দুৰন্ত গতিৰে আগুৱাই যাব।"

আজিৰ এই সংবাদমেলত ৰাজহুৱা নীতি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° সুমিত ভাছিন, ৰাষ্ট্ৰীয় মুখপাত্ৰদ্বয় চৈয়দ জাফৰ ইছলাম, চৰ্দাৰ আৰ পি সিং প্ৰমুখ্যে দলীয় আন বিষয়ববীয়াসকল উপস্থিত থাকে।

COMMENTS

BLOGGER: 1

Name

Accidental News,13,Arunachal News,242,Assam News,31,Dhemaji News,59,Dibrugarh News,2,do you know Subhadra Kumari Chauha,1,Drugs News,7,East Siang News,12,East Siyang News,9,Festival News,4,Flood News,10,Gogamukh News,1,Health News,1,Independence Day Celebration,1,India news,14,IRCTC Latest News,2,jnooportal news,1,JNOPORTAL . XYZ,1,JNOPORTAL . XYZ,34,JNOPORTAL. News,2,JNOPORTAL. XYX,1,JNOPORTAL. XYZ,21,JNOPORTAL. XYZ News,1,Jonai News,466,Jonai News Online,1,Jonai Newshokbh,1,Latest News,6,News on COVID,3,Recipe,1,Regional News,98,Sports News,2,Sports Related News,1,Subhadra Kumari Chauhan,1,Tech News,3,Viral News,7,who is Subhadra Kumari Chauhan,1,World News,5,
ltr
item
Khobor NetWork : বিজেপিৰ দিনত সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন লাভ কৰা ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল
বিজেপিৰ দিনত সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন লাভ কৰা ত্ৰিপুৰাবাসীয়ে পুনৰবাৰ বিজেপিকে বিপুল হাৰত জয়যুক্ত কৰাব: সৰ্বানন্দ সোণোৱাল
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgPX5wymfog3Wy6bgrpFUqxn3Z7fkib59OEXXQKt-YMnDdZsgW-fBah56xEzahUiHJFRvWLPKoPULhWGqIPluJzJu3FkTJfWCfLGu3wPDdNjFyql7tWI5REnFPsZUDrzmLxh2LQPmvEc663/s1600/1675783231940497-0.png
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgPX5wymfog3Wy6bgrpFUqxn3Z7fkib59OEXXQKt-YMnDdZsgW-fBah56xEzahUiHJFRvWLPKoPULhWGqIPluJzJu3FkTJfWCfLGu3wPDdNjFyql7tWI5REnFPsZUDrzmLxh2LQPmvEc663/s72-c/1675783231940497-0.png
Khobor NetWork
https://khobornetwork.blogspot.com/2023/02/blog-post_7.html
https://khobornetwork.blogspot.com/
https://khobornetwork.blogspot.com/
https://khobornetwork.blogspot.com/2023/02/blog-post_7.html
true
8181465759065130294
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS PREMIUM CONTENT IS LOCKED STEP 1: Share to a social network STEP 2: Click the link on your social network Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy Table of Content