জি ২০, গুৱাহাটী সন্মিলনত
প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত আয়োজিত প্ৰতিযোগিতা, আলোচনা চক্ৰ, কৰ্মশালাৰ আয়োজন
ধেমাজি ২৩ জানুৱাৰী: - ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হবলগীয়া জি ২০ ৰ যুৱ সংস্কৰণ ৱাই ২০ সন্মিলনত ধেমাজি জিলাৰ পৰা ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱাৰ সুযোগ পাব। সেই সকল ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰাৰ লগতে এই সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ বাবে জিলাখনৰ প্ৰতিখন মহাবিদ্যালয়, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰিও একাংশ মজলীয়া বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ হকে এলানি কাৰ্যসূচী হাতত লোৱা হৈছে । সেই অনুসৰি জিলাখনৰ প্ৰতিখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰি একাংশ মজলীয়া বিদ্যালয়তো ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অহা ২৬ জানুৱাৰীলৈ কুইজ, ছৱি অকা আৰু শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ছৱিৰ বিষয় হৈছে পৰিবেশতন্ত্ৰৰ ওপৰত প্লাষ্টিকৰ প্ৰভাৱ। কুইজৰ বিষয় হৈছে জৈৱ বৈচিত্ৰতা আৰু জলবায়ু পৰিবৰ্তন। এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত একোজনকৈ প্ৰাৰ্থীক অহা ২৮ জানুৱাৰীত ধেমাজি মহাবিদ্যালয়ত অনুষ্ঠিত হবলগীয়া এখন আগশাৰীৰ কৰ্মশালালৈ আমন্ত্ৰণ জনোৱা হ'ব।
পৰিবেশ পৰিবৰ্তন আৰু দুৰ্যোগ প্ৰশমন" বিষয়ক এই কৰ্মশালাত কেবাগৰাকীও বিজ্ঞানী তথা অধ্যাপকেও অংশগ্ৰহণ কৰিব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, একে সময়তে প্ৰতিখন মহাবিদ্যালয়তো পৰিবেশ তন্ত্ৰৰ ওপৰত প্লাষ্টিকৰ প্ৰভাৱ বিষয়ত বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিখন শিক্ষানুষ্ঠান কৰ্তৃপক্ষক এই সম্পৰ্কত ব্যৱস্থা লবলৈ জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই নিৰ্দেশ দিছে। ইয়াৰ পৰা নিৰ্বাচিত এজনকৈ ছাত্ৰ বা ছাত্ৰীয়ে অহা ২৭ জানুৱাৰীত ধেমাজি মহাবিদ্যালয়ত অনুষ্ঠিত হবলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সেই দিনা মহাবিদ্যালয়খনত পুৱা ১০ বজাৰ পৰা কুইজ প্ৰতিযোগিতা আৰু দিনৰ ১২ বজাৰ পৰা "যুৱক-যুৱতীৰ শাৰীৰিক আৰু মানসিক কল্যাণ - সমস্যা আৰু শংকা" বিষয়ত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। অনুষ্ঠানত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যও উপস্থিত থকাৰ কথা। এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত দুগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীয়ে অহা ২, ৩ আৰু ৬-৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হবলগীয়া জি ২০ ৰ যুৱ সন্মিলনত অংশ লৈ বিদেশৰ প্ৰতিনিধি সকলৰ সৈতে বাৰ্তালাপৰো সুযোগ পাব। ইয়াৰ বাবে ধেমাজি মহাবিদ্যালয়ক ন'ডেল শিক্ষানুষ্ঠান হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও সুকীয়াকৈ দুজন ছাত্ৰ এই সন্মিলনলৈ নিৰ্বাচিত হ'ব। অৰ্থাৎ ধেমাজি জিলাৰ শিক্ষানুষ্ঠানৰ পৰা মুঠ চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৱাই ২০ সন্মিলনত অংশ লোৱাৰ সুযোগ পাব। উল্লেখযোগ্য যে, জি ২০ দেশ সমূহৰ সমূহীয়া অনুষ্ঠানত এইবাৰ ভাৰতে সভাপতিত্ব কৰিছে। সেয়ে দেশখনৰ বিভিন্ন চহৰত এই উপলক্ষে ভিন ভিন বৈঠকৰ আয়োজন কৰা হৈছে। গুৱাহাটীত ২ আৰু ৩ ফেব্ৰুৱাৰীত আৰু ৬-৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া জি ২০ দেশ সমূহৰ যুৱ প্ৰতিনিধি সকলৰ সৈতে ধেমাজিৰ লগতে বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলে মত বিনিময়ৰ সুযোগ লাভ কৰিব।
ইয়াৰ লগতে বিশ্বৰ গোলকীয় উষ্ণতা, পৰিবেশ সুৰক্ষা আদি গুৰুত্বপূৰ্ণ বিষয় সমূহত ৰাজ্যখনৰ সকলো প্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে এনেদৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ধেমাজি জিলাত এই কাৰ্যসূচীক সফল ৰূপ দিয়াৰ উদ্দেশ্যে জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়া হৈছে। সমিতিৰ সদস্য সকল হ'ল জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ, ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ, ধেমাজি আই টি আইৰ অধ্যক্ষ আৰু সহকাৰী পৰিকল্পনা বিষয়া। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এই কাৰ্যসূচী সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা মহাবিদ্যালয় পৰ্য্যায়ৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিছে।
If you enjoyed this Blog or post, then do share with your friends and, family and be sure to follow our site for more happy content like this! Thank you.❤️
Good news
ReplyDeleteThank you ❤️
Delete